অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী

Assam State Primary Teachers' Association

About Us

About Assam State Primary Teachers' Association

Know more about Us

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী (ইংৰাজী: Assam State Primary Teachers' Association) অসম ৰাজ্যৰ প্ৰাথমিক শিক্ষক, শিক্ষাৰ্থী, শিক্ষানুষ্ঠান আৰু শিক্ষাৰ উত্তৰণত সেৱাৰত অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এটি শিক্ষক সংগঠন। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ পঞ্জীয়ন নং - 65 of 1968/1969 vide 65 of 1968/69 vide memo no 77(s) 68-69/813 ps Dated Shillong the 12th Nov.1968.[1] স্বাধীনতা-উত্তৰ কালৰ অসমৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত ১২০০ শিক্ষক শিক্ষয়িত্ৰীয়ে সংগঠিত হৈ গঠন হোৱা এই সংগঠনৰ বৰ্তমান সদস্য প্ৰায় এক লাখৰো অধিক।

শিশুসকলৰ গুণগত শিক্ষা, শিশুৰ শিক্ষাৰ অধিকাৰ সাব্যস্তকৰণ, দেশ-দহৰ বিপদৰ সময়ত জাতিৰ অস্তিত্ব ৰক্ষাত বৰঙণি যোগোৱা আৰু শিক্ষকৰ নাৰ্য্য প্ৰাপ্য আদায় কৰি সমাজত যোগ্যস্থান লোৱা আদি উদ্দেশ্যৰে প্ৰাক্‌-স্বাধীনতা কালতে প্ৰতিষ্ঠা হোৱা প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক একত্ৰিত কৰি কেন্দ্ৰসভা গঠন হৈছিল। চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰা এই কেন্দ্ৰসভাসমূহ ১৯১০ চনৰ পৰাই অসমৰ গ্ৰামাঞ্চল, বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন ঠাইত চলি থকাৰ তথ্য বিশিষ্ট সাহিত্যিক তথা সেইসময়ৰ উজনি অসমৰ একমাত্ৰ গুৰু প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ শৰৎ চন্দ্ৰ গোস্বামীৰ ৰচনাৱলীত উল্লেখ আছে। শিক্ষক সমাজে দেশৰ স্বাধীনতা সংগ্ৰামৰ সমান্তৰালকৈ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত সেৱাৰত শিক্ষক আৰু শিক্ষাৰ্থীসকলৰো সমস্যাসমূহ যথাস্থানত সঠিকভাৱে উপস্থাপন কৰি সমাধান কৰাত গুৰুত্ব প্ৰদান কৰিছিল।

About

জনগনৰ প্ৰবল ইচ্ছা সাকাৰ হৈ ১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে। অসমৰ অনাক্ষৰী জনসাধাৰণৰ মাজত প্ৰাথমিক শিক্ষা বিস্তাৰ কৰিবলৈ আৰু শিক্ষকৰ প্ৰাপ্য মৰ্যাদা লাভ কৰিবলৈ ইতিমধ্যে অঞ্চলভেদে সংগঠিত হৈ থকা শিক্ষক-শিক্ষয়িত্ৰীসকলে ৰাজ্যিক ভিত্তিত এখন মঞ্চ গঠনৰ প্ৰয়োজন অনুভৱ কৰিলে।

১৯৪৯ চনৰ ২৩ নৱেম্বৰ তাৰিখে সেই সময়ৰ কাছাৰ জিলাৰ শিলচৰত অসমৰ প্ৰাথমিক শিক্ষক সমাজৰ মুকলি অধিৱেশন অনুষ্ঠিত হয়। বাগ্মীবৰ নীলমণি ফুকনৰ সভাপতিত্বত বহা মুকলি সভাই ‘অসম প্ৰাদেশিক শিক্ষক সন্মিলনী’ গঠন কৰিলে। ইংৰাজীত নাম ৰখা হ’ল ‘Assam Provincial Primary Teachers’ Association’। ১৯৫১ চনৰ ৩১ জানুৱাৰী তাৰিখে অসম চৰকাৰৰ পৰা সন্মিলনীয়ে স্বীকৃতি নং ৬৩/৪৯/৬৪৯০ মতে স্বীকৃতি লাভ কৰিলে।

Mission

Our Mission

To empower primary educators across Assam by fostering professional development, advocating for their rights, and enhancing the quality of primary education. We aim to create a supportive environment for teachers, equipping them with resources, training, and opportunities that uplift the standard of education and nurture the holistic development of every child.

Vision

Our Vision

To be a leading association dedicated to advancing the cause of primary education in Assam, ensuring that every child has access to quality learning through well-trained, motivated, and valued primary teachers. We envision a future where primary education lays a strong foundation for the success and well-being of students, fostering a brighter tomorrow for the state.